ড° ভূপেন হাজৰিকা


“মানুহে মানুহৰ বাবে…” গীতৰ শ্ৰষ্ঠা ড° ভূপেন হাজৰিকা, আৰু আমাৰ মাজত আজি নাই । কিডনীৰ আৰু ইয়াৰ আনুসংগিক সম্যাসাৰ বাবে জুনৰ ৩০ তাৰিখৰ পৰাই মুম্বাইৰ ধীৰুভাই আম্বানি কোকিলাবেণ চিকিৎসালয়ত চিকিৎসাধিন হৈ থকা ড° ভূপেন হাজৰিকাই যোৱা ৫ নবেম্বৰত(২০১১চনৰ) ৪ বাজি ৩৭ মিনিটত শেষ নিস্বাস ত্যাগ কৰে । ১৯২৬ চনৰ ৮ চেপ্তেম্বৰত অসম ৰাজ্যৰ সদিয়াৰ এখনি আদি গাওঁত জন্ম গ্ৰহন কৰা ড° হাজৰিকাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৫ বছৰ । ড° ভূপেন হাজৰিকাৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাকৰ নাম শান্তিপ্ৰিয়া হাজৰিকা । ড° হাজৰিকা সাতজন ককাই-ভাই আৰু তিনিগৰাকী বাই-ভনীৰ জ্যেষ্ঠ আছিল ।
অতি কম বয়সৰ পৰাই দেশ প্ৰেম মূলক গীতেৰে সকলোৰে হিদয়ৰ জয় কৰিবলৈ সক্ষম হোৱা ড° হাজৰিকাই প্ৰথমে অসমীয়া ভাষাত গীতৰ শৰাঁই আগবঢ়াইছিল যদিও পিছলৈ বাংলা, হিন্দি, ইংৰাজী ভাষাৰ লগতে একাধিক স্থানীয় ভাষাতো গীতৰ শৰাঁই আগবঢ়ায় । ড° ভূপেন হাজৰিকা আছিল একাধাৰে গীতিকাৰ, সুৰকাৰ, সাহিত্যিক, গায়ক, চল্লচিত্ৰ নিৰ্মাতা আৰু পৰিচালক । বিশেষ কৈ ড° ভূপেন হাজৰিকাই নিজে গীত ৰচনা কৰি তাক নিজৰ সুমুধুৰ কণ্ঠৰে সংঙ্গীত প্ৰেমী ৰাইজলৈ আগবঢ়াইছিল । ড° হাজৰিকাৰ গীতত পৰিস্ফুট হৈছিল দেশৰ সামগ্ৰীক পৰিস্থিতি, সমাজ, ৰাজনীতি, সংস্কৃতি, দৈনিক সন্মোখিন হোৱা সমস্যাৰাজি, দেশপ্ৰেম, মানৱ প্ৰেম আদি । উৎকৃষ্ট বিশ্বমানৰ অৱদানেৰে কলা-সংস্কৃতিৰ জগত চহকী কৰা মানৱতাবাদী শিল্পী ড° হাজৰিকা অসম, পশ্চিম বংগ তথা সমগ্ৰ ভাৰতৰ লগতে বাংলাদেশতো অধিক জনপ্ৰিয় ব্যক্তি আছিল ।
ড° হাজৰিকাই গুৱাহাটীৰ ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ লগতে তেজপুৰ গৱৰ্ণমেন্ট হাইস্কুলৰ পৰা ১৯৪০ চনত প্ৰৱেশিকা (HSLC), ১৯৪২ চনত কটন কলেজৰ পৰা ইন্টাৰমেডিয়েট (কলা বিভাগ), ১৯৪৪ চনত বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক (BA) আৰু ১৯৪৬ চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ (MA) ডিগ্ৰী লাভ কৰে । আমেৰিকা স্থ কলম্বিয়া বিশ্ববিদ্যালত “Proposals for Preparing India’s Basic Education to Use Audio-Visual Techniques in Adult Education” অধ্যয়ন কৰি ডক্টৰেট উপাধি লাভ কৰে ড° ভূপেন হাজৰিকাই । কলম্বিয়া বিশ্ববিদ্যালত অধ্যয়ন কৰি থাকোতে তেওঁ লগ পায় এজনী গুজৰাটী ছোৱালি প্ৰীয়ম্বদা পেটেল । আৰু প্ৰীয়ম্বদা লগতে ১৯৪৯ চনত ড° হাজৰিকাই বিবাহ পাশত আবদ্ধ হয় । বিবাহৰ পৰিণতি হিচাপে ১৯৫২ চনত তেওঁলোকৰ একমাত্ৰ সন্তান তেজ ভুপেন হাজৰিকাৰ জন্ম হয় । কিন্তু প্ৰীয়ম্বদা আৰু ভূপেনৰ পাৰিবাৰিক অশান্তিৰ তথা বিশ্বিংখলতাৰ বাবে ১৯৬৩ চনত তেওঁলোকৰ বিবাহ বিশ্বেদ হয় । আৰু পৰৱৰ্তি সময়ত ১৯৮০ চনত ড° হাজৰিকাই এক-পল, ৰদালী, দৰমিয়া, দমন, কিউ, চিংগাৰ আদি খ্যাত চলচিত্রৰ পৰিচালিকা কল্পনা লাজমীক লগপায় । আৰু লাজমীৰ লগত ভূপেন হাজৰিকাৰ এক মধুৰ সম্পৰ্ক গঢ় লৈ উঠে । ড° ভূপেন হাজৰিকাই সাংবাদিকতাত ডক্টৰেট উপাধি লাভ কৰাৰ পিছতো তেওঁ সংঙ্গীতকে নিজৰ বৃত্তি হিচাপে বাছি লৈছিল । ড° ভূপেন হাজৰিকাই সংঙ্গীতৰ মাজেৰেই জগাইছিল অসমীয়াক, সংঙ্গীতৰ মাজেৰেই এখন নতুন অসম গঢ়াৰ সপোন দেখিছিল, তেওঁ জিনিব বিছাৰিছিল সকলোৰে মৰম-ভালপোৱা আৰু  তেওঁ জীয়াই থাকিব বিছাৰিছিল সংঙ্গীতৰ মাজেতেই । অল ইণ্ডিয়া ৰেডিঅ’ৰ যোগেদি ড° হাজৰিকাই ১০ বছৰ বয়সতেই তেওঁৰ শিল্পীজীৱনৰ যাত্ৰা আৰম্ভ কৰিছিল । ড° ভূপেন হাজৰিকাই তেওঁৰ মৃত্যু সময়ৰ লৈকে প্ৰায় ১৫০০ কৈও অধিক গীত ৰচনা কৰাৰ লগতে বহু গীতত নিজৰ কণ্ঠ দিথৈ গৈছে । ভূপেন হাজৰিকা আছিল একবিংশ শতিকাৰ এনে এজন ব্যক্তি যি গানৰ মাজেৰে সজাগ কৰি গল সমগ্ৰ অসমৰ লগতে ভাৰত তথা বিশ্ব বাসীক । অসমীয়া জাতিক বিশ্বৰ দৰবাৰত এক স্বাধীন, সক্ষনশীল কৰি থৈ গল । অসমক চিনাকি দি গল বিশ্বৰ আগত । তেওঁ এনে মহাপ্ৰয়ানত শোকত ভাঙি পৰিছে সমগ্ৰ অসমীয়া জাতি । ভূপেন হাজৰীকাৰ মৃত্যুৰ বতৰাই আনিলে এক অনাকাংক্ষিত পৰিস্থিতি । সমগ্ৰ অসম বাসীয়ে এইজন মহানায়কক প্ৰৰ্য্যাপ্ত সন্মান দিব পাৰিলে নে নাই সেয়াতো কব নোৱাৰো, কিন্তু অসম বাসীয়ে পূৰ্ণ চেষ্টা কৰিলে এইজন মহানায়কক উষ্ম আদৰনি জনাই । সমগ্ৰ অসমবাসী উলাই আহিল এই জন মহান শিল্পিক অন্তিম বাৰৰ বাবে সেৱা জনাবৰ বাবে । সেইকেইদিন বৃহত গুৱাহাটী মহানগৰী পৰিণত হল জন-সমূদ্ৰত । হে মহা নায়ক তোমাক একাজলী চকু পানীৰেই আমি জনালো শেষ শ্ৰদ্ধা |

লুইতৰ পাৰলৈ
আহিবা আকৌ তুমি
সহজ সৰল জীৱনৰ গীত গাবলৈ,
জ্ঞানৰ বন্তি জ্বলাই
পোহৰৰ দীপালী পাতিবলৈ|
আমি বাট চাম
তেনে এটি প্ৰভাতলৈ…
 
 

ভূপেনদাৰ পুৰস্কাৰ সমূহ:

  • ১৯৬১ চনত ড° হাজৰিকাই নিৰ্মাণ কৰা ‘শকুন্তলা’ ছবিখনে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰে ।
  • ১৯৬৪ চনত ড° হাজৰিকাই নিৰ্মাণ কৰা ‘প্ৰতিধ্বনি’ ছবিখনে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰে । এই ছবিখন ফ্ৰাঞ্চৰ আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱলৈ আমণত্ৰিত হৈছিল ।
  • ১৯৬৬ চনত ড° হাজৰিকাই নিৰ্মাণ কৰা ‘লটি ঘটি’ প্ৰথম অসমীয়া ব্যংগ চিনামাখনৰ বাবে ৰাষ্ট্ৰপতি পদিক লাভ কৰে ।
  • ১৯৭৬ চনত আব্দুল মজিদএ পৰিচালিত ‘চামেলী মেম চাব’ ৰ সংগীত পৰিচালনাৰ বাবে বছৰটোৰ সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰে । এই সংগীতৰ বাবে তেওঁক ৰাষ্ট্ৰপতিয়ে ‘ৰজত কমল বঁটা’ আৰু নগদ দহ হেজাৰ টকাৰে সন্মান কৰে।
  • ১৯৭৮ চনত দুটা অসমীয়া গানৰ বিশেষ ৰেকৰ্ড বাহিৰ কৰাৰ উপৰিও তেওঁ ‘আমি এক যাযাবৰ’ বুলি আঠোটা বঙালী গীতৰ এল পি ৰেকৰ্ড এইছ এম ভি ৰ পৰা এখন এম্বেচেদৰ আৰু এখন সোণৰ ৰেকৰ্ড লাভ কৰে ।
  • ১৯৭৭ চনত পশ্চিম বংগৰ ‘বাংলা চলচিত্ৰ পুৰস্কাৰ সমিতি’ এ ‘দম্পতি’ ছিবখনৰ বাবে বছৰটোৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ যাছিছিল ।
  • ১৯৭৭ পন্মশ্রী বঁটা ।
  • ১৯৭৮ চনত ‘সীমনা পেৰিয়ে’ৰ সংগীত পৰিচালনাৰ কাৰণে ‘বাংলাদেশ ফিল্ম ইণ্ডাষ্টিজ’ৰ ফালৰ পৰা বছৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰূপে সন্মানিত হৈছিল ।
  • ১৯৭৬ চনৰ ২৬ জানুৱাৰীত অৰুণাচল চৰকাৰে তেওঁক ‘মেৰা ধৰম মেৰি মা’ নামৰ হিন্দী ছবি নিৰ্মাণ কৰাৰ বাবে সম্বৰ্দ্ধনা জনাই সোণৰ পদক উপহাৰ দিছিল ।
  • মহুৱা সুন্দৰী নাটকৰ শ্রেষ্ঠ লোকসংগীত শিল্পী বঁটা (১৯৭৯) ।
  • ১৯৯৩ চনৰ ৪, ৫, ৬ আৰু ৭ ফেব্ৰুৱাৰীত শিৱসাগৰৰ ৰংপুৰ ক্ষেত্ৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিবেশনৰ সভাপতিৰ আসন শোৱনি কৰিছিল ।
  • ১৯৮৭ অসম চৰকাৰৰ পৰা শংকৰদেৱ বঁটা ।
  • ১৯৮৭ সংগীত নাটক একাডেমী বঁটা ।
  • ১৯৮৭ ইন্দিৰা গান্ধী স্মৃতি বঁটা ।
  • ১৯৯৩ শ্রেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্রীয় বঁটা ।
  • ১৯৯৩ চনত ড° হাজিৰকাক ১৯৯২ চনৰ বাবে ভাৰতৰ চলচিত্ৰ জগতৰ সৰ্বোচ্ছ সন্মান ‘দাদা চাহেব ফাল্কে বঁটা’ সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপিত ড° শংকৰ দেৱাল শৰ্মাৰ পৰা গ্ৰহণ কৰে ।
  • ২০০১ পন্মভূষণ ।
  • ২০০১ মধ্য প্রদেশ চৰকাৰৰ পৰা লতা মংগেশকাৰ বঁটা ।
  • ২০০৮ অসম সাহিত্য সভাৰ পৰা সাহিত্যচার্য সন্মন ।
  • ২০০৯ অসম চৰকাৰৰ পৰা অসম ৰত্ন বঁটা ।
  • ১০১১ বাংলাদেশ চৰকাৰৰ পৰা মুক্তি যোজোৰু সন্মান । 

 


 

No comments:

Post a Comment

ধন্যবাদ