এক সাউদৰ দুজনী ঘৈণীয়েক আছিল। বৰজনীৰ এজনী মাথোন জীয়েক আছিল, তাইৰ নাম
তেজীমলা। সৰুজনীৰ কোনো ল’ৰা ছোৱালী নাছিল। তেজীমলাৰ মাক তেজীমলাৰ কেঁচুৱা
কালতে মৰিল, সেইদেখি মাহীমাকে তুলি তালি ডাঙৰ কৰিছিল। ঘৰখনত একেজনী ছোৱালী
তেজীমলা বাপেকৰ বৰ চেনেহৰ আছিল, কিন্তু মাহীয়েকে হ’লে পেটে পেটে তেজীমলাক
সমূলি দেখিব নোৱাৰিছিল। কেৱল গিৰিয়েকৰ ভয়তহে তাই তেজীমলাক প্ৰতিপাল কৰি
ডাঙৰ দীঘল কৰিবলগীয়াত পৰিছিল।
আজি কালিকৈ তেজীমলা দহ-এঘাৰ বছৰীয়া হ’ল। সেই গাঁৱৰে ভাল মানুহ এঘৰৰ সমনীয়া ছোৱালী এজনীৰে সৈতে বাপেকে সখী বন্ধাই দিলে।
তেজীমলাৰ বাপেক বেপাৰ বাণিজ্য কৰা মানুহ ; বেহা বেপাৰলৈ নগ’লে নচলে।
সেইদেখি সততে তেওঁ চাৰিওফালে বেহাই ফুৰিবলগীয়াত পৰে। এইবাৰ ৬/৭ মাহলৈকে
তেওঁ বেপাৰৰ নিমিত্তে দূৰলৈ যাবলগীয়াত পৰিল। সেইদেখি তেওঁ যাবৰ সময়ত
ঘৈণীয়েকক ওচৰলৈ মাতি আনি তেওঁৰ অতি আদৰুৱা তেজীমলাক ঘৈনীয়েকৰ হাতত গতাই
দি ক’লে যে, ‘‘ এইবাৰ মই ৬/৭ মাহলৈ বিদেশলৈ যাওঁ। তোৰ হাতত মোৰ তেজীমলাক
গতালো। তাই আদৰুৱা ছোৱালী। তাইক মৰম বেথা কৰি ভালকৈ ৰাখিবি ।”
সাউদনীয়ে ভাবিলে, “ এইবাৰ মোৰ বেছ সুবিধা হৈছে, এই কেইমাহৰ ভিতৰতে মইে মোৰ
চকুৰ কুটা, দাঁতৰ শালটো গুচাব পাৰিম। তাইক ঠেকেচি ঠেকেচি মোৰ মনৰ হেঁপাহ
পলুৱাম।” আৰু তাই ভাবিলে “অকল ঠেকেচিয়ে নেৰোঁ, সেইদৰে এৰিলে বাপেকে আহি
সেই কথা কেনেবাকৈ বুজ পালে এখন হাই-উৰুমিৰহে বাহ হ’ব। এই আপদৰ একেবাৰেই জই ন
মাৰিম। এইক বিয়া দিওঁতে মোৰ ঘৰৰ আদখিনি বস্তু এইৰ লগত উলিয়াই দিব লাগিব।
এই হ’ল মোৰ সতিনীৰ জী। মোৰ কপালততো কোনো ল’ৰা ছোৱালী নহ’লেই, সতিনীৰ
এইটোকনো পোহ-পাল কৰি নিৰ্ব্বহ দি মোৰ কি লাভ হ’ব ? বাপেকে এইৰ লগত যিখিনি
ধন–বস্তু উলিয়াই দিব, সেইখিনি মোৰ আইৰ ঘৰলৈ সৰকালে উপকাৰ হ’ব। হেনজানি এইৰ
দেউতাক উভতি অহাৰ আগতেই এটা বুধি কৰি এইৰ ওৰ পেলাব লাগিব।” ইয়াকে
মাহীয়েকে ভাবি, সাউদে নাও মেলি যোৱাৰ দিনৰে পৰা তেজীমলাৰ দায়ৰ চেলু
বিচাৰিবলৈ ধৰিলে আৰু যিমান পাৰিলে তেজীমলাক অকলৈ পাই দুখ দিবলৈ ধৰিলে।
ইতিমধ্যে তেজীমলাৰ সখীয়েকৰ বিয়া আহিল। পৰহিলৈ বিয়া। সখীয়েকৰ ঘৰৰ পৰা
তেজীমলাক বিয়ালৈ মাতি পঠিয়ালে। বিয়াৰ তিনি চাৰি দিন সখীয়েকৰ ঘৰত থাকি
তেজীমলাই ৰং- ধেমালি কৰি নোৱাই –ধোৱাই সখীয়েকক বিয়া দিব লাগে। তেজীমলাৰো
বৰ হেঁপাহ যে বিয়াৰ কেইদিন সখীয়েকৰ ঘৰত থাকি ৰং-ধেমালি কৰি তাই বিয়া
খাব।
মাহীয়েকে অনেক দিনৰেপৰা আলচা কথা সিদ্ধি হ’বৰ আগন্তুক হৈছে ভাবি তেজীমলাক
বিয়ালৈ যাবলৈ অনুমতি দি লোকক দেখুৱাই উৰুক-মুৰুক কৰি তেজীমলাই বিয়াত
পিন্ধিবলৈ কাপোৰ উলিয়াই ইটো জপা মেলিছে, সিটো জপা মেলিছে, ইটো পেৰা মেলিছে
, সিটো পেৰা মেলিছে , “ এইযোৰ কাপোৰ আমাৰ আইটি তোলৈ ভাল হবনে ?” “এইখন
ৰিহা সেইখন মেখেলাই তোক শুৱাব নে?” এনেবিলাক কথা কৈ মাহীয়েকে আড়ম্বৰ
কৰিবলৈ ধৰিলে। মাহীয়েকৰ ভাল পাটৰ ৰিহা-মেখেলা এযোৰ আৰু এখন উত্তম গুণাৰ
পাৰি দিয়া খনীয়া কাপোৰ অছিল ; শেহত তাকে মাহীয়েকে উলিয়াই তেজীমলাক
বিয়াত পিন্ধিবলৈ দি ক’লে, “ আইটি, এই কাপোৰযোৰ আৰু খনীয়া কাপোৰ খনকে তোক
পিন্ধিবলৈ টোপোলা বান্ধি দিওঁ। তই এতিয়া তোৰ গাত থকা কাপোৰ যোৰেৰেই
সখীয়েৰৰ ঘৰলৈ যা, সখীয়েৰৰ ঘৰৰ ওচৰ পালেই টোপোলাত দিয়া ৰিহা মেখেলা আৰু
কাপোৰ পিন্ধিবি, ইয়াৰ পৰা পিন্ধি গলে খোজকাঢ়ি যাওঁতে বাটত ধূলি-মাকতি
লাগি ক’লা হ’ব।” ইয়াকে কৈ মাহীয়েকে পাটৰ ৰিহা মেখেলাযোৰৰ ভিতৰতে মনে মনে
এটা নিগনি সুমাইদি আৰু খনীয়া কাপোৰ খনৰ ভিতৰত এটা আঙঠা বান্ধি দি টোপোলা
এটা কৰি তেজীমলাৰ হাতত দিলে।
সখীয়েকৰ ঘৰ পাওঁ পাওঁ হওঁতেই তেজীমলাই মাহীয়েকৰ কথামতে পাটৰ ৰিহা মেখেলা
আৰু পাৰি দিয়া কাপোৰ পিন্ধিবৰ মনেৰে টোপোলা মেলিলতে কাপোৰ যোৰৰ ভিতৰৰপৰা
এটা নিগনি ওলাই লৰ মাৰিলে আৰু কাপোৰযোৰৰ ভিতৰৰপৰা এটা আঙঠা সৰকি পৰিল।
তেজীমলাই দেখি বিচুৰ্ত্তি হ’ল যে ৰিহা-মেখেলাযোৰ নিগনিয়ে কুটি থকাসৰকা
কৰিলে আৰু পাৰিদিয়া কাপোৰখন ঠায়ে ঠায়ে পুৰিলে। ভয়ত তেজীমলাৰ মুখ শুকাই
গ’ল, তাই ঠক ঠক কৰে কঁপি ফেকুৰি কান্দিবলৈ ধৰিলে। লগত যোৱা মানুহেও এই
কাণ্ড দেখি আচৰিত হৈ, শেহত, তেজীমলাক অনেক বুজাই-বৰাই নিচুকাই সখীয়েকৰ
ঘৰলৈ গৈ তাৰ পৰা এযোৰ ৰিহা-মেখেলা আৰু এখন কাপোৰ খুজি তাইক পিন্ধাই বিয়া
চাবলৈ দিলে। বিয়াৰ পিছত তেজীমলা নিজৰ ঘৰলৈ উভতি আহিলত, মাহীয়েকে তাইক
কাপোৰৰ কথা সুধিলত তাই কঁপি কঁপি সেই পোৰা আৰু কুটা কাপোৰৰ টোপোলা
মাহীয়েকৰ আগত পেলাই দিলে। মাহীয়েকে কুটা আৰু পোৰা কাপোৰ দেখি কৃত্ৰিম খঙত
জ্বলি পকি তেজীমলাক নথৈ গালি শপনি পাৰি মাৰি তাও কৰিলে। ইমান মাৰিও
মাহীয়েকৰ হেঁপাহ নপলাল। পিছত তেজীমলাক টানি আনি মাহীয়েকে ঢেঁকীৰ আগত
বহুৱাই ধান বঢ়াবলৈ লগাই নিজে ধুম ধুম কৰে ঢেঁকী দিবলৈ লাগিল। মাহীয়েকে
ঢেঁকী দি থাকোঁতে এবাৰ হঠাত চাব মাৰি ঢেঁকীটো পেলাই দি তেজীমলাৰ সোঁহাত খন
খুন্দি পেলালে। সোঁ হাতখন খুন্দিলত তেজীমলাই যন্ত্ৰণাত চিঞঁৰি কান্দিবলৈ
ধৰিলত, বাঢ়নি মাৰিডালেৰে মাহীয়েকে তেজীমলাৰ পিঠিত কোবাবলৈ ধৰি তেজীমলাক
বাওঁহাতেৰে খুবলিত ধান বঢ়াই দিবলৈ হুকুম দিলে। বাওঁহাতেৰে তেজীমলাই ধান
বঢ়াই থাকোঁতে মাহীয়েকে সোঁহাতৰ দৰে তেজীমলাৰ বাওঁহাতখনো খুন্দিলে,
বাওঁহাত খুন্দি তাৰ পিছত মাহীয়েকে তেজীমলাক সোঁ ভৰিৰে ধান বঢ়াবলৈ কৈ সোঁ
ভৰিখনো খুন্দিলে আৰু তাৰপিছত সেইদৰে বাওঁভৰিখনো খুন্দিলে। শেহত মাহীয়েকে
তেজীমলাক মূৰেৰে ধান বঢ়াবলৈ কৈ তেজীমলাৰ মূৰটোও খুন্দি পেলালে। তেজীমলা
মৰিল।
এইদৰে গিৰিয়েকৰ আলাসৰ লাড়ু, চেনেহৰ তেজীমলাক মাৰি সাউদনীয়ে কোনেও
নেদেখাকৈ লৰালৰিকৈ নি ঢেঁকীশালৰ পানীপোতাতে গাঁত এটা খান্দি পুতি থলে।
তেজীমলাক পোতা ঠাই ডোখৰত কিছুদিনৰ মূৰত এজোপা লাওগছ গজি লহ-পহ কৰে ডাঙৰ হ’ল
আৰু গছ ভৰি বঢ়িয়া বঢ়িয়া একোটা লাও লাগিল। ইফালে ওচৰ –চুবুৰীয়া মানুহে
ভালেমান দিন তেজীমালাক দেখিবলে নাপায়, মাহীয়েকক তাইৰ বাতৰি সুধিলত
আহীয়েকে উত্তৰ দিলে, -“তেজীমলা সখীয়েকৰ ঘৰৰ পৰা অহাই নাই।|”
এদিন মাগনী বুঢ়ী এজনীয়ে সাউদনীৰ ঘৰৰ ঢেঁকীশালৰ চালত লাওবোৰ লাগি থকা দেখি
সাউদনীৰ ওচৰলে আহি ক’লে,-‘আই মোক লাও এটি দিয়ক’ তেজীমলা মৰাৰ দিনৰে পৰাই
মাহীয়েকে ঢেঁকীশালৰ ফালে যোৱা নাছিল দেখি লাওজোপা তাইৰ চকুত পৰাই নাছিল।
সেই দেখি তাই মাগনী বুঢ়ীক উত্তৰ দিলে, ‘মইে তোক লাও দিবলৈ ক’ত পাম ? নিজেই
আজি ভালেমান দিন লাওখোৱা নাই।’ মাগনীয়ে ক’লে-‘ কিয় আই এনেকৈ কয়, আপোনাৰ
ঢেঁকীশালৰ চালতে দেখোন লাও ভৰি লাগি আছে।’ বুঢ়ীৰ কথা শুনি সাউদনীয়ে
আচৰিত মানি ক’লে- ‘মই হ’লে দেখা নাই, তইত দেখিছ যদি কেইটা লাগে ছিঙি নে
গৈ।’ বুঢ়ীয়ে এই কথা শুনি আও-গছৰ ওচৰলৈ আহি লাও এটা ছিঙিবলৈ হাত মেলোতেই
লাওজোপাই বিনাই মাত লগালে,
“ হাতো নেমেলিবি লাৱো নিচিঙিবি, ক’ৰে মগনীয়া তই,
পাট কাপোৰৰ লগতে মাহী আই খুন্দিলে, তেজীমলাহে মই …..”
লাওগছে মতা সুনি বুঢ়ীয়ে ভয় খাই লাও নিছিঙি গুচি আহি সাউদনীক ক’লে-‘আই
লাও ছিঙিবলৈ হাত মেলোঁতেই মোক এইদৰে লাও জোপাই মাত লগালে। মোক আৰু লাও
নালাগে আই, মই গুচি যাওঁ।’ এই বুলি মাগনী বুঢ়ী গুচি গ’ল। তেতিয়া
সাউদনীয়ে কথাটোৰ আচল মানে ভালকৈ বুজিব পাৰি, কটাৰী এখন লৈ গৈ লাওগছজোপা
কাটি টানি নি পিছফালে পেলাই দি গুচি আহিল।
লাওজোপা কাটি য’তে পেলাই দিছিল সেইখিনিতে কিছুদিনৰ মূৰত এজোপা জৰাটেঙা হৈ
ডালভৰি জৰাটেঙা লাগিল। গছজোপাত জৰাটেঙা ইমানকৈ লাগিছিল যে তাৰ ভৰত জৰা
টেঙাজোপা দোঁ-খাই পৰিছিল। এদিন কিছুমান গৰখীয়া লৰাই গৰু চৰাওঁতে সেই
জৰাগছত জৰা টেঙা দেখি খাবলৈ মন কৰি সাউদনীৰ ওচৰলৈ আহি ক’লে,”আই আমাক
গোটাচেৰেক জৰাটেঙা খাবলৈ দিবানে?” সাউদনীয়ে, “মইে ক’ত জৰা পাম ?” বুলি
ক’লত সিহঁতে ক’লে, “কিয় আই, আপোনাৰ বাৰীৰ পিছ্ফালে এজোপা জৰাগছত জৰাটেঙা
দেখোন ভৰি লাগি আছে।” সিহঁতৰ কথা শুনি সাউদনীয়ে আচৰিত মানি ক’লে –“ মই
হ’লে ক’ত জৰাটেঙা লাগিছে দেখা নাই, তহঁতে দেখিছ যদি কিমান লাগে পাৰি নেগৈ।”
সাউদনীৰ হুকুম পাই গৰখীয়া ল’ৰা কেইটাই জৰাটেঙাৰ কাষলৈ গৈ জৰাটেঙা পাৰিব খোজোতেই গছজোপাই বিনাই মাত লগালে,
“ ভাইও বোলোঁ মই, ককাইও বোলোঁ মই , গাঁৱৰে গৰখীয়া।
হাতো নেমেলিবা, জৰাও নিছিঙিবি , ঘৰলৈ উভতি যা |
পাট কাপোৰৰ লগতে মাহীআই খুন্দিলে, তেজীমলাহে মই”
গৰখীয়া লৰাহঁতে এই বিননি শুনি কিবা দেও-ভূত গছজোপাত আছে বুলি জৰাটো নিছিঙি
তাৰপৰা আহি সাউদনীক এই কথা কৈ গুচি গ’ল। সাউদনীৰ চাঁটকৰে মনত পৰিল যে তাই
লাও গছ জোপা কাটি সেইখিনিতে পেলাইছিল। এইকথা মনত পৰিলত তাই বুজিলে যে
তেজীমলাই হে জৰা হৈ আছে। ইয়াকে ভাবি সাউদনীয়ে জৰাগছজোপা কাটি নৈত উটাই
দিলে।
জৰা গছজোপা নৈত উটি গৈ ওচৰৰে ঘূলি এটাত ৰৈ এজোপা পদুম হৈ এটা সুন্দৰ ফুলেৰে
জকমকীয়া হ’ল। কিছুদিনৰ মূৰত বেহা-বেপাৰ কৰি সেই নৈয়েদিয়েই তেজীমলাৰ
বাপেক নাৱেৰে আহোঁতে নৈৰ ঘূলিত গছজোপাত সুন্দৰ পদুম ফুল এটা ফুলি থকা দেখি
তেজীমলালৈ সেই ফুলটো লৈ যাওঁ বুলি ভাবি নাৱৰীয়া এটাক সেই ফুলটো ছিঙি
আনিবলৈ ক’লে। নাৱৰীয়াটোৱে ফুলটো ছিঙিবলৈ হাত মেলোতেই পদুমে বিনাই গালে,-
“হাতো নেমেলিবি, ফুলো নিচিঙিবি, ক’ৰে নাৱৰীয়া তই |
পাট-কাপোৰৰ লগতে মাহী আই খুন্দিলে, তেজীমলাহে মইা॥”
ফুলে বিনোৱা দেখি নাৱৰীয়াটোৱে ভয় খাই সাউদক ক’লত, সাউদে সেইটো কিনো চাওঁ
বুলি ওচৰ চাপি গৈ ফুলটো ছিঙিবলৈ হাত মেলোতে ফুলে বিনাই মাতিলে,-
“ হাতো নেমেলিবা, ফুলো নিচিঙিবা, চেনেহৰ পিতাদেউ এ |
পাট-কাপোৰৰ লগতে মাহীআই খুন্দিলে, তেজীমলাহে মই ||”
বাপেকে তেজীমলাৰ মাহীয়েকৰ স্বভাৱৰ কথা আগৰেপৰা জানি থৈছিল, সেই কাৰণে
ভাবিলে যে, “এইজনী নিশ্চয় তেজীমলা।” ইয়াকে মুদৈয়ে ভাবি তেওঁৰ বাওঁহাতত
তেওঁৰ মুখৰ তামোলৰ এখন চোবা আৰু সোঁহাতত এটা লাড়ু লৈ ক’লে যে, “ যদি তইত
মোৰ তেজীমলাহে হয়, তেন্তে নিশ্চয় তই শালিকাটি হৈ উৰি আহি মোৰ হাতত পৰি এই
চোবাটি খাবি। আৰু যদিহে নহয়, আন কোনোবাহে হয় তেন্তে লাড়ুটো নিবি।”
এইবুলি তেওঁ ক’লতে পদুম ফুলটি শালিকা এটি হৈ উৰি আহি তেওঁৰ হাত পৰি চোবাটি
খালে। বাপেকে তেতিয়া সেইটি তেজীমলা বুলি নিশ্চয়কৈ জানি শালিকাটি এটা সজাত
সুমাই লৈ আহিল।
সাউদে ঘৰ পাই ঘৈণীয়েকক সুধিলে, “তেজীমলা ক’লৈ গল ?” ঘৈণীয়েকে ক’লে,-
“মোমায়েকৰ ঘৰলৈ গ’ল।” সদাগৰে ঘৈণীয়েকক ঘুকুটি ঘুকুটি প্ৰশ্ন কৰি আচল
কথাটো উলিয়াই লৈ সৈ কঢ়ালে। ইয়াৰ পিচত শালিকাটিৰ গাত নিজৰ পানী গামোছাখন
তেওঁ পেলাই দি ক’লে,“যদি তই মোৰ তেজীমলা হে আৰু যদি মোলৈ তোৰ মৰম আছে , এই
গামোছাখন পিন্ধি তই মানুহ হবি” এই কথা শুনি তেতিয়াই তেজীমলা আগৰ দৰে হ’ল
আৰু সাউদে ঘৈণীয়েকক ঘৰৰপৰা খেদাই দিলে।
No comments:
Post a Comment
ধন্যবাদ